● জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী উপলক্ষে আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ ভিন ভিন প্ৰান্তত আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি গান্ধী জয়ন্তী উপলক্ষে গুৱাহাটীৰ পল্টন বজাৰত আয়োজিত স্বচ্ছতা অভিযানত অংশগ্রহণ কৰে। তেওঁ গান্ধীজীৰ প্ৰতি পুষ্পার্ঘ্য্য তৰ্পন কৰি তেওঁৰ আদর্শই সকলোকে অনুপ্রাণিত কৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে চাফাই কৰ্মীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়। শ্ৰীআচাৰ্যই এই চাফাই কৰ্মীসকলে বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱাৰ সুবিধা, শিক্ষাকে ধৰি অন্যান্য সা-সুবিধাসমূহ লাভ কৰিছে নে নাই সেই বিষয়ে বুজ লয়। এই উপলক্ষে আয়োজিত কার্যসূচীত ৰাজ্যপালগৰাকীয়ে স্বচ্ছতা কেৱল ৰাষ্ট্ৰীয় অভিযান নহয়, বৰং মহাত্মা গান্ধীৰ সপোন বুলিও অভিহিত কৰে। প্ৰতিগৰাকী ব্যক্তিয়ে স্বেচ্ছাই নিজৰ চৌপাশ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে অগ্ৰসৰ হ’লে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰি থকাৰ লগতে এখন সুস্থ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীজীৰ আদৰ্শক সাৰোগত কৰি স্বচ্ছতাক অভিযানৰ ৰূপ দিছে বুলিও তেওঁ কয়। ৰাজ্যপালগৰাকীয়ে এই অনুষ্ঠানত গছপুলি ৰোপণ কৰে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি গান্ধীজীৰ ১৫৬ সংখ্যক জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা-প্ৰবন্ধক চেতন শ্রীবাস্তৱে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আজি ৰে’লৱেৰ মাহজোৰা স্বচ্ছতা কাৰ্যসূচীৰ পঞ্চম সংস্কৰণৰো শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অধীনত ৰে’লৱে পৰিসৰৰ বিভিন্ন কার্যালয়, আবাসিক এলেকাকে ধৰি বিভিন্ন অঞ্চল পৰিস্কাৰ-পৰিচ্ছন্ন কৰি তোলা হ’ব। তদুপৰি ই- আবৰ্জনা নিষ্কাষণৰ বাবেও ব্যৱস্থা লোৱা হ’ব।
মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণ কৰি জাতিৰ পিতালৈ শ্রদ্ধা নিবেদন কৰা হয়। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ আহ্বান মৰ্মে আজি জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানত পুৱাই চাফাই অভিযান ৰূপায়ণ কৰা হয়।কোকৰাঝাৰ জিলাত আজি গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতাৰ প্ৰতি পুষ্পার্ঘ তৰ্পণ কৰাৰ লগতে স্বচ্ছতা কাৰ্যসূচী ৰুপায়ন কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধা জনাই বিশেষ কার্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা বলিন কুলী আৰু ৰিপুণ বৰাই শ্রদ্ধা নিবেদন কৰে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মহাত্মা গান্ধীৰ ১৫৬ সংখ্যাক জয়ন্তী উপলক্ষে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দিয়া বাৰ্তাত কয়, যে অস্পৃশ্যতাৰ দৰে বিভিন্ন সামাজিক কু-সংস্কাৰ আঁতৰ কৰাৰ লগতে দুৰ্বল শ্ৰেণীক শক্তি আৰু সমৰ্থন আগবঢ়াবলৈ গান্ধীজীয়ে অহোপুৰুষাৰ্থ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰি কয়, যে বিকশিত ভাৰত গঢ়াৰ পথত গান্ধীজীৰ আদৰ্শ দেশে সদায় অনুসৰণ কৰিব।