ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিভিন্ন স্থানত কাৰ্গিল বিজয় দিৱস উদযাপন

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সুঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সুঁৱৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচায্যই অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দেশৰ হকে পৰম বীৰত্বৰে যুঁজ দিয়া সাহসী জোৱানসকলক সোঁৱৰে। কাৰ্গিল যুদ্ধৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰীআচাৰ্যই অতি প্রতিকুল পৰিৱেশত সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি জয়লাভ কৰাৰ বীৰ গাথাত আলোকপাত কৰে। ৰাজ্যপালগৰাকীয়ে কেপ্টেইন বিক্ৰম বাট্টা, কেপ্টেইন জিন্টু গগৈ আৰু অন্যান্য শ্বহীদসকলৰ ত্যাগে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত বীৰ ছহিদ জিন্টু গগৈৰ মাতৃক সম্বৰ্ধনা জনোৱা হয়। গোলাঘাট জিলাৰ খুমটাইত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শ্বহীদ জিন্টু গগৈৰ পৰিয়ালৰ সহযোগত শ্বহীদগৰাকীৰ সমাধিক্ষেত্ৰত এই দিৱস উদযাপন কৰা হয় । গোলাঘাট জিলাৰ প্ৰাক্তন সৈনিকসকলৰ লগতে খুমটাইৰ বিধায়ক মৃণাল শ‍ইকীয়াই শ্বহীদ জিন্টু গগৈৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়।
কাৰ্গিল যুদ্ধৰ শ্বহীদ শিলচৰৰ নন্দচান্দ সিংহৰ শ্বহীদবেদীত আজি মন্ত্রী কৌশিক ৰায়ৰ লগতে বিজেপিৰ নেতা-কর্মী তথা জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মাত্র ২২ বছৰ বয়সতে দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ জোৱানগৰাকীৰ মাতৃক সম্বৰ্ধনা জনোৱা হয়। কাছাৰ জিলা বিজেপিয়ে আজি সন্ধিয়া শিলচৰত এটা সমদল উলিয়ায়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে নেতৃত্ব দিয়া এই সমদলত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাত নেহৰু যুৱ কেন্দ্ৰ আৰু ভূমিকা সাংস্কৃতিক সংগঠনৰ উদ্যোগত চহৰখনৰ শম্ভুসাগৰ পাৰ্কত বিজয় দিৱস উপলক্ষে স্মৃতি তর্পণ, দেশপ্রেমমূলক গীত পৰিৱেশন কৰা হয়। বজালী জিলাৰ অকয়াত নন্দচুপা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত গাঁওখনৰ প্ৰাক্তন সৈনিক আৰু স্থানীয় ৰাইজৰ সহযোগত কার্গিল যুদ্ধত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকলৰ সোঁৱৰণত বিজয় দিৱস পালন কৰা হয়। জিলাখনৰ বায়ুসেনাৰ প্ৰাক্তন সৈনিক বীৰেন সিংহই এগছি বন্তি প্ৰজ্বলেনেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্য ব্যক্ত কৰে।
উল্লেখযোগ্য যে ১৯৯৯ চনত পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰা আজি ২৬ বছৰ সম্পূৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।