আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম দিৱসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বর্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বার্তা প্রকাশ কৰিছে। চাওলুং চ্যুকাফালৈ সন্মান জনাই ৰাজ্য চৰকাৰে চৰাইদেউৰ চ্যুকাফা বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰিছিল। স্বৰ্গদেউ চ্যুকাফাই গঢ়ি তোলা বৰ অসমৰ ভেটি বাস্তবায়িত কৰাৰ এয়া বিনম্র প্রয়াস বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি শিৱসাগৰ জিলাৰ নাজিৰা খেলপথাৰত অসম দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী যোগেন মহন, পীযুষ হাজৰিকাৰ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চক্ৰধৰ গগৈ, প্রদীপ হাজৰিকা আৰু সুশান্ত বৰগোহাঁই উপস্থিত থাকিব। গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৬০ বন্তিৰাণী গগৈ ফুকন নির্দিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰিব। অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু টাই-আহোন উন্নয়ন পৰিষদৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসন আৰু আটাছু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত এই অসম দিবস উদযাপন কৰা হ’ব।
Site Admin | December 2, 2025 12:04 PM | Asom Diwas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন