December 2, 2025 12:04 PM

views 29

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন

আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম দিৱসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বর্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বার্তা প্রকাশ কৰিছে। চাওলুং চ্যুকাফালৈ সন্মান জনাই ৰাজ্য চৰকাৰে চৰাইদেউৰ চ্যুকাফা বিশ্ববিদ্যালয়ৰ কথা ঘোষণা কৰিছিল। স্বৰ্গদেউ চ্যুকাফাই গঢ়ি তোলা বৰ অসমৰ ভেটি বাস্তবায়িত কৰাৰ এয়া বিনম্র প্রয়াস বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।...