ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ষট্ পূজা পালন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ষট্ পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই পূজাই বিশ্বাস, পৱিত্ৰতা, নিষ্ঠা আৰু গভীৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে আধ্যাত্মিক প্রমূল্যক প্রতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্রকাশ কৰিছে।
বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ আদি অঞ্চলত ষট্ পূজা পালন কৰা হৈছে। শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বৰম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ বিভিন্ন ঘাট সজাই তোলা হৈছে। কাছাৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সকলো ভক্ত আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। হোজাই জিলাৰ লংকা লংকেশ্বৰী ষট্ ঘাটত পূজা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে ষট্ পূজা পালন কৰিছে।

পশ্চিম কাৰ্বি আংলং জিলাতো দুদিনীয়া কাৰ্যসূচীৰে ষট পূজা পালন কৰা হৈছে। জিলাখনৰ খেৰণী, বৈঠালাংছ’ আৰু হামৰেণত বাস কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলৰ লগতে বঙালী সম্প্ৰদায়ৰ লোকসকলেও এই পূজাত অংশগ্ৰহণ কৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি পৰম্পৰাগত ৰীতি-নীতিৰে ভক্তসকলে কপিলী নৈ, বৰপানী নৈৰ ঘাটত অস্থায়ীভাৱে সজা দেৱী ষট মাৰ বেদীত ভোগ-নৈবদ্য অৰ্পণ কৰি আশিস বিচাৰিব। এই পূজাৰ সময়ছোৱাত যাতে কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে যাৱতীয় প্রস্তুতি গ্ৰহণ কৰিছে।
ষট পূজা উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত কাৰ্যালয়ে আজি আৰু কাইলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্ৰী পৰিবাহী গধূৰ বাণিজ্যিক বাহন আৰু অন্য গধূৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া বাহনসমূহ চলাচলত অনুমতি দিয়া হ’ব।