ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ অন্যতম প্রাচীন উৎসৱ ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নির্দেশনাসমূহ কার্যকৰী হ’ব। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্রী পৰিবাহী গধূৰ বাণিজ্যিক বাহন আৰু অন্য গধুৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া বাহনসমূহ চলাচলত অনুমতি দিয়া হ’ব। ঠেলা, ৰিক্সা, ঘোঁৰাগাড়ীকে ধৰি লঘু বাহনসমূহ মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ ভৱনলৈ পথছোৱাত এই সময়ছোৱাত চলাচলৰ অনুমতি দিয়া হ’ব। তদুপৰি আন্তঃজিলা বাছসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰেহে চলাচল কৰাৰ অনুমতি দিয়া হৈছে। ভৰলুমুখৰ দিশৰ পৰা চানমাৰি অভিমুখী চিটি বাছসমূহ এইছ বি ৰোড নাইবা এ টি ৰোডৰ বিকল্প পথ ল’বলৈ কোৱা হৈছে। একেদৰে চানমাৰি দিশৰ পৰা অহা চিটিবাছ তথা অন্যান্য বাহনসমূহ পাণবজাৰৰ ছেচন ন্যায়াধীশৰ আদালতৰ সন্মুখেৰে ভৰলুমুখলৈ যাবলৈ নির্দেশ দিয়া হৈছে।
এই উৎসৱৰ প্ৰাক্মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজাৰসমূহত বিভিন্ন ফল-মূল, শাক-পাচলি, পূজাৰ সামগ্ৰী আদিৰ পয়োভৰ দেখা গৈছে। বিশ্বনাথ জিলাৰ বিহালী, গহপুৰতো ষট্ পূজা পালনৰ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। শিলচৰতো এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বৰম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ বিভিন্ন ঘাট ইতিমধ্যে সজাই তোলা হৈছে। কাছাৰ জিলা দুর্যোগ ব্যবস্থাপনা কর্তৃপক্ষই সকলো ভক্ত আৰু জনসাধাৰণৰ উদ্দেশ্যে বিভিন্ন নির্দেশনা জাৰি কৰিছে। হোজাই জিলাৰ লংকা লংকেশ্বৰী ষট্ ঘাটত পূজা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে ষট্ পূজা পালনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।