১৯৯৯ চনৰ কাৰ্গিল যুদ্ধক সুঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদ্যাপন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিন্টু গগৈৰ সমাধিস্থলীতো বীৰ শ্বহীদগৰাকীক আজিৰ দিনটোত স্মৰণ কৰা হৈছে। গুৱাহাটীৰ শিলপুখুৰীত থকা যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে শিলচৰৰ ই এণ্ড ডি কলনীৰ কাৰ্গিল শ্বহীদ স্মাৰকত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে কাছাৰ জিলা বিজেপিয়ে আজি সন্ধিয়া শিলচৰত এটা সমদল উলিয়াব। এই কাৰ্যসূচীত মন্ত্রী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পালৰ লগতে অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৱেও অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰা আজি ২৬ বছৰ পূৰ্ণ হৈছে। ভাৰতীয় সেনাই বিজয় অভিযানৰ জৰিয়তে পাকিস্তানৰ সেনাই অকৰ্তৃত্বশীলভাৱে দখল কৰি থকা জম্মু-কাশ্মীৰৰ কাৰ্গিল ভূমিক উদ্ধাৰ কৰিছিল।
Site Admin | July 26, 2025 11:34 AM | Assam | Kargil Vijay Diwas
ৰাজ্যৰ বিভিন্ন ঠাইত কাৰ্গিল বিজয় দিৱস উদ্যাপন
