November 14, 2025 7:52 PM | African swine fever

printer

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ, প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ প্ৰতিহত কৰিবলৈ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই ৰোগ বৃদ্ধি হোৱাৰ বাবে বিভিন্ন জিলাত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এই পর্যন্ত এহেজাৰ ৭০৬টা গাহৰি নিধন কৰিছে। জিলাখনৰ ২৯ টা স্থানৰ ৩৪ খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰা হৈছে। জিলাখনত যোৱা ৯ নৱেম্বৰৰ পৰা গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

আফ্রিকান ছোৱাইন ফিভাৰৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে গোলাঘাট জিলাৰ খুমটাইত আজি এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই ৰোগৰ কাৰণ, ল’বলগীয়া সাৱধানতা সম্পর্কে সভাত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

পশ্চিম কাৰ্বি আংলঙ জিলা আয়ুক্তৰ কাৰ্যালয়তো আফ্রিকান ছোৱাইন ফিভাৰৰ সজাগতা সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। পশু চিকিৎসকসকলে সভাত গাহৰি পালকসকলক বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ আগবঢ়ায়। আফ্রিকান ছোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অনা গাহৰি অসম-বংগ সীমান্তত পৰীক্ষাৰ পাছত সংক্ৰমণ ধৰা পৰিলে সেই ঠাইতে নিধন কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো গাহৰি পালককে ক্ষতিপূৰণ প্ৰদান কৰিব বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে ইতিমধ্যে জানিবলৈ দিছে।