December 18, 2025 12:22 PM

views 21

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ বাবে আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ নিষেধাজ্ঞা বলৱৎ হৈ থকা ৭ খন জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ লক্ষণ চিনাক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ কথা বিবেচনা কৰিছে বুলি পশুপালন মন্ত্রী কৃষ্ণেন্দু পালে প্ৰকাশ কৰে। কালি ধেমাজিত এখন পর্যালোচনা বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰি কয়, যে আফ্রিকান ছোৱাইন ফিভাৰৰ শেহতীয়া পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰা...

November 25, 2025 12:54 PM

views 26

ৰাজ্যত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধৰ লগতে সজাগতামূলক ব্যৱস্থা

■ ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাওঁ এই ৰোগৰ সংক্ৰমনৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰী পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰল গাওঁৰ নিৰ্দিষ্ট গাহৰী পামখনক কেন্দ্ৰ হিচা...

November 24, 2025 8:03 PM

views 32

ৰাজ্যৰ ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ

ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাওঁ এই ৰোগৰ সংক্ৰমনৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰী পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰল গাওঁৰ নিৰ্দিষ্ট গাহৰী পামখনক কেন্দ্ৰ হিচাপে...

November 17, 2025 5:36 PM

views 30

ৰাজ্যৰ ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্...

November 14, 2025 7:52 PM

views 35

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ, প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ প্ৰতিহত কৰিবলৈ প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই ৰোগ বৃদ্ধি হোৱাৰ বাবে বিভিন্ন জিলাত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এই পর্যন্ত এহেজাৰ ৭০৬টা গাহৰি নিধন কৰিছে। জিলাখনৰ ২৯ টা স্থানৰ ৩৪ খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰা হৈছে। জিলাখনত যোৱা ৯ ...

November 13, 2025 1:04 PM

views 46

তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ

■ তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাকুম উন্নয়ন খণ্ড, ইটাখুলি উন্নয়ন খণ্ড, মাকুম আৰু তিনিচুকীয়া পৌৰ সভাৰ অধীনৰ এলেকাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত গাহৰিৰ ক্রয়-বিক্রয় বা গাহৰিৰ খাদ্যকে ধৰি অন্যান্য সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্রশাসনে লগতে গোবিন্দপুৰ গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক ‘সতর্কতা মণ্ডল' হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ গোবিন্দপুৰ আৰু ধ...

November 11, 2025 7:37 PM

views 38

ডিব্ৰুগড় জিলাৰ ১১টা স্থানক আফ্রিকান ছোৱাইন ফিভাৰ মহামাৰীৰ কেন্দ্ৰ হিচাপে চিনাক্ত

ৰাজ্যৰ বিভিন্ন জিলাত আফ্রিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ ১১টা স্থানক মহামাৰী কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱা শতাধিক গাহৰি বিভাগীয় কৰ্তৃপক্ষই নিধন কৰাৰ লগতে আক্ৰান্ত অঞ্চলসমূহত গাহৰি মাংসৰ বিক্ৰীৰ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এটা প্রতিনিধি দলে এই ৰোগত প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তিনিজন উচ্চ পদস্থ বিষয়াক প্ৰে...

November 6, 2025 11:24 AM

views 66

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ

■ ৰাজ্যখনত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশু ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দলটোৱে বিভিন্ন দিশ পৰ্যালোচনা কৰিব। দলটোৱে ধেমাজি, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে। প্রতিনিধিসকলে এই ৰোগৰ সংক্ৰমণৰ সকলো দিশ চালি-জাৰি চোৱাৰ পাছত ইয়াৰ নিয়ন্ত্ৰণৰ ব...

October 25, 2025 11:53 AM

views 71

শিৱসাগৰৰ কোনো কোনো অঞ্চলত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি

শিৱসাগৰ জিলাৰ কোনো কোনো অঞ্চলত আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত জিলা প্রশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩,ৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত কালি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি আমগুৰি ৰাজহ চক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। আনহাতে, আমগুৰি ৰ...

June 19, 2025 7:32 PM

views 35

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ

ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰ ধৰা পৰিছে। দৰং জিলাত শতাধিক গাহৰিৰ দেহত এই সংক্ৰামক ৰোগৰ বীজানু ধৰা পৰাৰ বাবে পশু চিকিৎসা বিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজি মঙলদৈৰ কবিকাৰা অঞ্চলৰ কেইবাখনো গাহৰি পামত পশু চিকিৎসা বিভাগে অভিযান চলাই এই ৰোগত আক্ৰান্ত কমেও ৬০ টা গাহৰি নিধন কৰে। ইয়াৰ পূৰ্বে জিলাখনৰ কমাৰপাৰাতো ১০৪ টা গাহৰি নিধন কৰা হৈছিল। নিধন কৰা গাহৰিসমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰা হয়। মঙলদৈ জিলা পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অজয় বণিয়াই প্ৰকাশ কৰা মতে আজিও ৰোগৰ সংক্ৰমণৰ...