ৰাজ্যৰ বিভিন্ন জিলাত আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে অনুষ্ঠিত হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিশ্বনাথ জিলাৰ কাছাৰী মৈদানত আয়োজিত দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুছকাৱাজত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত আজি আয়োজিত দিৱসৰ কাৰ্যসূচীত পৰিবহন মন্ত্ৰী যোগেন মহনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতাৰ হ’কে প্ৰাণ আহুতি দিয়া সংগ্ৰামীসকলৰ স্মৃতিত শ্রদ্ধা জনোৱাৰ লগতে জিলাখনৰ জনসাধাৰণক উন্নয়নৰ পথত সহযোগিতা আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
তিনিচুকীয়া জিলাত উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বৰাই ত্ৰিৰংগ পতাকা উত্তোলন কৰি আকৰ্ষণীয় কুছকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰৰ কল্যানমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত ছাত্র ছাত্রীসকলে মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। ডিব্ৰুগড় জিলাৰ প্ৰশাসনৰ উদ্যোগত খনিকৰ খেলপথাৰত আয়োজিত দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ লগতে ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী তথা স্কাউট এণ্ড গাইডৰ সদস্যসকলে কুছকাৱাজ কৰে। এই উপলক্ষে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। জিলাখনৰ নামৰূপ সাৰ কাৰখানা উদ্যোগতো দিৱসৰ আয়োজন কৰা হয়। ইপিনে, দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন নিশান কল্যান সমাজৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ পাইকাৰী বস্ত্ৰ ব্যৱসায়ী সংঘৰ উদ্যোগত আজি খনিকৰ বৃদ্ধাশ্ৰমত বস্ত্ৰ আৰু আহাৰ বিতৰণ কৰা হয় ৷
শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত দিৱসৰ কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে সমাজখনক বিভাজিত কৰা অপশক্তিসমূহৰ বিৰুদ্ধে এই দিনটোত পণ লবলৈ সকলোকে আহ্বান জনায়।
হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আজি উলহ মালহেৰে এই দিৱস উদযাপন কৰা হয়। শিলচৰ জিলা ক্রীড়া সংস্থাৰ খেলপথাৰত আয়োজিত কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী কৌশিক ৰায়ে ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। শ্ৰীভূমি জিলাত মন্ত্ৰী কৃষ্ণেন্দু পালে দিৱসৰ কাৰ্যসূচীত অংশ লয়। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম দেশৰ শ্ৰেষ্ঠ বিকশিত ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে।
কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। একেদৰে ডিমা হাচাও জিলাৰ হাফলঙত স্বায়ত্ত শাসিত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোচাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত গড়মুৰৰ কছাৰী ময়দানত আজি উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷
বাক্সা জিলাৰ সদৰ মুছলপুৰত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ খতিয়ান দাঙি ধৰে। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানতে জিলাখনৰ ৯ গৰাকী মুক্তি যুঁজাৰু পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দক্ষিণ শালমাৰা মানকাচৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত অসম আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ লগতে ১৬ টা বাহিনীৰ কুছকাৱাজত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজন কৰা দেশভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। বজালী জিলাত ধাৰাষাৰ বৰষুণৰ মাজতে ত্ৰিৰংগ পতাকা উত্তোলন কৰা হয়। এই উপলক্ষে দেশপ্রেমমূলক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত কেন্দ্ৰীয়ভাৱে এই দিৱস পালন কৰা হয়। নগাওঁ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ লগতে ভাষণ দিয়ে।
গোৱালপাৰা চহৰৰ জে টি এছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত দিৱসৰ কাৰ্যসূচী অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তামুলপুৰত জিলাখনৰ আয়ুক্তই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা প্ৰতিনিধি দলো উপস্থিত থাকে। মৰিগাওঁ জিলাতো আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে টি আৰ ফুকন খেলপথাৰত আয়োজিত অনুষ্ঠানত জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। কামৰূপ জিলাত বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চাংসাৰী হাইস্কুল খেলপথাৰত আয়োজিত কাৰ্যসূচীত অংশ লৈ ত্ৰিৰংগ পতাকা উত্তোলন কৰে।
Site Admin | August 15, 2025 7:53 PM | Assam Districtwise Flag Hoisting
ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন
