August 15, 2025 7:53 PM

views 13

ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে উদযাপন

ৰাজ্যৰ বিভিন্ন জিলাত আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে অনুষ্ঠিত হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিশ্বনাথ জিলাৰ কাছাৰী মৈদানত আয়োজিত দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুছকাৱাজত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত আজি আয়োজিত দিৱসৰ কাৰ্যসূচীত পৰিবহন মন্ত্ৰী যোগেন মহনে ৰা...