আজি কাতি বিহু। অসমৰ কৃষিজীৱি ৰাইজে আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজি কাতি বিহু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে। এই উপলক্ষে চোতালত তুলসী ৰুই তুলসীৰ তলত বন্তি জ্বলোৱাৰ লগতে পথাৰত বন্তি জ্বলাই বছৰটোৰ বাবে শইচ নদন বদন হোৱাৰ কামনা কৰা হৈছে। ঠায়ে ঠায়ে আকাশবন্তিও জ্বলোৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে তুলসী তলৰ বন্তিগছিয়ে সকলোলৈকে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কৃষকৰ আশাৰ ধাননিডৰা সোণগুটিৰে উপচি পৰি ঘৰে ঘৰে লখিমীৰ বসতি হোৱাৰ কামনা কৰে। কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ প্ৰতিটো কৃষি মহকুমাত কাতি বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি বিভাগৰ উদ্যোগত প্রগতিশীল কৃষকক সম্বর্ধনা, আকাশবন্তি প্রজ্বলন, সজাগতা সভা তথা বিভাগীয় আঁচনি সন্দৰ্ভত আলোচনা আৰু কৃষি সামগ্ৰী, কৃষি সঁজুলি আদিও বিতৰণ কৰা হয় ৷
চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰা হৈছে। অসমীয়াৰ বাপতি সাহোন ৩ টা বিহুৰ অন্যতম কাতি বিহুৱে কৃষিজীৱি ৰাইজৰ জীৱনধাৰাক প্ৰতিফলিত কৰে। জিলাখনৰ মথুৰাপুৰত গাওঁবাসীয়ে চোতালত তুলসী ভেটি গঢ়ি তুলসী তলত বন্তি জ্বলাই পবিত্ৰতাৰে বিহু পালন কৰিছে। বিশ্বনাথ জিলাতো কৃষিভিত্তিক জীৱন আৰু বিশ্বাসৰ প্ৰতিফলন ঘটাই কাতি বিহু পালন কৰা হৈছে। এই উপলক্ষে পথাৰত বন্তি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰা হৈছে। জিলা কৃষি বিভাগৰ উদ্যোগত আৰু নিজ বিহালী বৰনামঘৰৰ ৰাইজৰ সহযোগত আজি বিহু পালন কৰা হয়। এই অনুষ্ঠানত প্রধানমন্ত্রী ফছল বীমা যোজনাৰ সুবিধা প্ৰদান কৰাৰ লগতে ৩ গৰাকী কৃষকক সম্বর্ধনা জনোৱা হয়। মাজুলী জিলাতো কাতি বিহু পালন কৰা হৈছে। জিলাখনৰ ৩৭২ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি আউনিআঁটি সত্ৰত ২১ জোৰা আকাশবন্তি প্রজ্বলন কৰা হৈছে। বিগত কিছুদিন ধৰি জিলাখনৰ মৃৎ শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বিহুৰ বাবে সাজু কৰি তোলে। ধেমাজী জিলাতো কৃষক ৰাইজে পৰম্পৰা বৰ্তাই ৰাখি কাতি বিহু পালন কৰিছে।
হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত কাতি বিহু পালন কৰা হয়। আজি আবেলি এখন সভা অনুষ্ঠিত কৰি কৃষি কাৰ্যৰ বাবে সুবিধা হোৱাকৈ চৰকাৰে ৰূপায়ণ কৰা আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। ইয়াৰ লগতে পৰম্পৰাগত ৰীতি অনুসৰি তুলসী তলত চাকি আৰু আকাশবান্তি জ্বলোৱা হয়।
গোৱালপাৰা জিলাতো কৃষকসকলে শস্য নদন বদন হোৱাৰ কামনাৰে পথাৰত বন্তি জ্বলাইছে। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ আগিয়াৰ বাপুপাৰা গাওঁত কাতি বিহু পালনৰ লগতে বিভাগীয় আঁচনি সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰিছে। বাক্সা জিলাত আজি কৃষক ৰাইজে নিজৰ ঘৰৰ চোতালত আৰু খেতি পথাৰত চাকি আৰু নৈবদ্য আগবঢ়াই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাতো কাতি বিহু উপলক্ষে কৃষিজীৱি ৰাইজে পৰম্পৰা পালন কৰে। একেদৰে কৃষি বিভাগৰ উদ্যোগত ধানুৱা গাওঁ পঞ্চায়তত বিহুৰ কাৰ্যসূচী লোৱা হয়। ধুবুৰী জিলাত অসমৰ জাতীয় সংস্কৃতি তথা লোক পৰম্পৰা বৰ্তাই ৰাখি কাতি বিহু পালন কৰা হৈছে। এই উপলক্ষে চোতালৰ তুলসী ভেটিৰ তলত, গোহালী ঘৰ, ভড়াল ঘৰ, তামোল-নাৰিকলৰ তলত আৰু পদুলীত চাকি দি লখিমী আদৰা হৈছে। কোকৰাঝাৰ জিলাতো আজি কাতি বিহু উপলক্ষে পবিত্ৰ পৰিবেশে বিৰাজ কৰিছে। ঘৰে ঘৰে বন্তি জ্বলাই নৈবদ্য আগবঢ়াই বিহু পালন কৰা হৈছে।