ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছহিদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অসম গণ পৰিষদে আজি অসম আন্দোলনৰ ছহিদসকলক সুঁৱৰি দলটোৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱসৰ কাৰ্যসূচী পালন কৰে। এই অনুষ্ঠানত দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কান্ত কলিতা, মনোজ শইকীয়া, উপ-সভাপতি অপূর্ব ভট্টাচার্য আদিয়ে অংশগ্ৰহণ কৰি ছহিদসকলক স্মৰণ কৰে ।
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত ছহিদ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত এই কাৰ্যসূচীত কেইবাগৰাকীও ছহিদৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিদিঙি খেলপথাৰত ছহিদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত মন্ত্রী প্রশান্ত ফুকনে অংশগ্ৰহণ কৰে। কাছাৰ জিলাতো আজি অসম আন্দোলনৰ ছহিদসকলক সুঁৱৰি ছহিদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। একেদৰে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত অসম আন্দোলনৰ ৮৬০গৰাকী ছহিদক স্মৰণ কৰা হয়। ধেমাজি জিলাতো আজি প্ৰশাসনৰ উদ্যোগত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ছহিদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। শ্রীভূমি জিলা প্ৰশাসনৰ উদ্যোগতো জিলা আয়ুক্ত কাৰ্যালয়ত ছহিদ দিৱস পালন কৰা হয়। যোৰহাট জিলাতো আজি অসম আন্দোলনৰ ছহিদসকলক সুঁৱৰি ছহিদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত মন্ত্রী নন্দিতা গার্লোছা, বিধায়ক হিতেন্দ্র নাথ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী খেলপথাৰত অনুষ্ঠিত ছহিদ দিৱসৰ কাৰ্যসূচীত মন্ত্রী যোগেন মহনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছহিদলৈ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক চাৰ্ছ ফিল্ডত আয়োজিত ছহিদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত ১০ হাজাৰ লোকে ছহিদ প্ৰণামো তোমাক গীতটি একেলগে গাই ছহিদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া সম জিলাৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় খেল পথাৰত দিনৰ ১১ বজাৰ পৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা চহৰৰ পি আৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়। একেদৰে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগতো প্রভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰিবলৈ লোৱা হয় ৷
কোকৰাঝাৰত আয়োজিত ছহিদ দিৱসৰ কাৰ্যসূচীত বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্নজনে সমস্বৰে ড০ ভূপেন হাজৰিকাৰ কণ্ঠৰ ছহিদ প্ৰণামো তোমাক শীৰ্ষক গীতটি পৰিবেশন কৰে। ৰাজ্যৰ আন আন স্থানতো আজি এই গীতটি পৰিবেশন কৰা হয়।
দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ছহিদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটাত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত সকলোৱে ছহিদ প্ৰণামো তোমাক গীতটি গাই অসম আন্দোলনৰ
ছহিদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা ছহিদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চৰণ বড়োৱে অংশগ্ৰহণ কৰে। তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ কচুবাৰীত থকা মহাপুৰুষ শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰেক্ষাগৃহত ছহিদ দিৱস পালন কৰা হয় ৷
অসম আন্দোলনৰ প্ৰথমগৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালেও আজি অসম আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধা নিবেদন কৰে। নলবাৰীৰ গৰ্ডন স্কুল খেলপথাৰত আয়োজিত ছহিদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম আন্দোলনৰ ছহিদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। এই অনুষ্ঠানত ৩৫গৰাকী ছহিদৰ পৰিয়ালক সম্বৰ্দ্ধনা জনোৱা হয়। ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ কলাইগাঁও ৰণথলীত ছহিদ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰে ছহিদসকলক স্মৰণ কৰা হয়।