December 10, 2025 7:52 PM

views 165

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্রণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ...

December 10, 2025 7:51 PM

views 28

ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদক স্মৰণ কৰি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছহিদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অসম গণ পৰিষদে আজি অসম আন্দোলনৰ ছহিদসকলক সুঁৱৰি দলটোৰ মুখ্য কাৰ্যালয়ত ছহিদ দিৱসৰ কাৰ্যসূচী পালন কৰে। এই অনুষ্ঠানত দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কান্ত কলিতা, মনোজ শ‍ইকীয়া, উপ-সভাপতি অপূর্ব ভট্টাচার্য ...

December 10, 2025 11:08 AM

views 369

আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

● ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্রদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীৱন হেৰুৱাইছিল। বহু লোক কাললৈ ঘূণীয়া হৈছিল। ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ ছহিদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ ছহিদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হি...

December 6, 2025 8:32 PM

views 123

ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ’ব

ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিবছৰৰ দৰে এইবাৰো ১০ ডিচেম্বৰত ৰাজ্যজুৰি ছহিদ দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ বৰাগাওঁৰ নৱনিৰ্মিত ছহিদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূর্ণগতিত অব্যাহত ৰাখিছে। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰূপেশ গোৱালাই আজি স্মাৰক ক্ষেত্ৰত সংশ্লিষ...

December 10, 2024 6:57 PM

views 43

জামুগুৰিহাটত ছহিদ দিৱসত ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজিত ছহিদ দিৱসত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত সূত্ৰপাত হোৱা অসম আন্দোল...

December 10, 2024 6:01 PM

views 43

ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়।শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজিত ছহিদ দিৱসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা জনায়। মুখ্যমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিয়া অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত সূত্ৰপাত হোৱা অসম আন্দোলন...

December 9, 2024 1:36 PM

views 48

অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন

ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কাইলৈ দিনৰ ১০ বজাত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হ'ব। এই অনুষ্ঠানতে অসম আন্দোলনৰ তথ্য কোষৰ ষষ্ঠ খণ্ডটো উন্মোচন কৰা হ'ব।