ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৮ লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

ৰাজ্যত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়ন সম্পৰ্কে বহুদিনৰ পৰা চিন্তা-চৰ্চা অব্যাহত আছে। ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ নতুন ভৱন, নতুন আন্তঃগাঁথনি, স্মার্ট ক্লাছ আদিৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সুসজ্জিত কৰাৰ প্ৰয়াস কৰিছে। এনে প্ৰয়াসৰ প্ৰথম ফল বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ পোৱা গৈছে। কামৰূপ জিলাৰ বেজেৰা আদৰ্শ বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰি কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে চলিত বৰ্ষত এনে আৰু ৪৯৯খন বিদ্যালয় মুকলি কৰা হ’ব। তেওঁ কয়, যে ৰাজ্য চৰকাৰে বিশ্বমানৰ সা-সুবিধাৰ সৈতে প্ৰতিখন বিদ্যালয়ৰ উন্নয়নৰ বাবে ৮ কোটি টকা বিনিয়োগ কৰি স্কুলীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছে। অসমৰ স্কুলীয়া শিক্ষাৰ বাবে এয়া ঐতিহাসিক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিশুসকলৰ প্ৰকৃত সবলীকৰণৰ উদ্দেশ্যে পৰৱৰ্ত্তী পাঁচ বছৰত এনে ৫ হাজাৰখন বিদ্যালয় নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে। তেওঁ কয় যে ইয়াৰ ফলত শিশুসকলে চৰকাৰী বিদ্যালয়তে উত্তম শিক্ষা লাভ কৰিবলৈ সমৰ্থ হ’ব। তেওঁ লগতে অহা বছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৮ লৈ বৃদ্ধি পাব বুলি প্ৰকাশ কৰে। নাৰেংগী-কুৰুৱাৰ দলং শীঘ্ৰেই শুভাৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাত কমেও একোখনকৈ দলং আৰু প্ৰতিখন জিলাত একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।