ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি বিক্ৰীৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা বাতিলৰ বাবে আজি সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। শেহতীয়াকৈ নিষেধাজ্ঞা বলৱৎ হৈ থকা ৭ খন জিলাত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফিভাৰৰ লক্ষণ চিনাক্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ কথা বিবেচনা কৰিছে বুলি পশুপালন মন্ত্রী কৃষ্ণেন্দু পালে প্ৰকাশ কৰে। কালি ধেমাজিত এখন পর্যালোচনা বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰি কয়, যে আফ্রিকান ছোৱাইন ফিভাৰৰ শেহতীয়া পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া তথা চিকিৎসকসকলৰ সৈতে আলোচনা কৰিছে। ক্ষতিগ্রস্ত গাহৰি পালকসকলক পৰ্যায়ক্রমে ক্ষতিপূৰণ দিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয়, যে গাহৰি পালকসকলক ক্ষতিপূৰণৰ ৫০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ৫০ শতাংশ ৰাজ্য চৰকাৰে বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰিব। ইয়াৰ ফলত গাহৰিপালকসকলে সকাহ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷