ৰাজ্যৰ কেইবাখনো নৱজাতকৰ আধাৰ পঞ্জীয়ন কক্ষৰ শুভাৰম্ভ

স্বাধীনতা দিৱসৰ দিনটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে অসামৰিক চিকিৎসালয়ত ‘নৱজাতকৰ আধাৰ পঞ্জীয়ন’ কক্ষৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অতিৰিক্ত আয়ুক্ত আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে, তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্ৰমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্রমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে শুভাৰম্ভ কৰে। এই অনুসৰি দুয়োখন চিকিৎসালয়ত জন্ম লাভ কৰা নৱজাতকৰ মাতৃক চিকিৎ‍সালয়ৰ পৰা যাবলৈ দিয়াৰ সময়তে এই প্রমাণ-পত্ৰ প্ৰদান কৰা হ’ব। চিকিৎসালয়খনত নৱজাতকক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাও মন্ত্ৰীগৰাকীয়ে মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এনে অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে সম্প্ৰতি জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ কাৰ্ড এগৰাকী ব্যক্তিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। তেওঁ আজি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬টা নৱজাতকৰ অভিভাৱকক জন্মৰ প্ৰমাণ-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উদোগ মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আধাৰ সেৱা কেন্দ্ৰ আৰু নৱজাতকক তাৎক্ষণিকভাৱে জন্মৰ প্ৰমাণ-পত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ত আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নৱজাতকৰ জন্মৰ প্ৰমাণ-পত্ৰ আৰু আধাৰ সেৱা কেন্দ্ৰ মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা শিশুৰ জন্মৰ পাছতে এই কেন্দ্ৰৰ যোগেদি আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ-পত্ৰ লাভ কৰাটো সূচল হৈ উঠিব।