August 15, 2024 8:36 PM

views 20

ৰাজ্যৰ কেইবাখনো নৱজাতকৰ আধাৰ পঞ্জীয়ন কক্ষৰ শুভাৰম্ভ

স্বাধীনতা দিৱসৰ দিনটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে অসামৰিক চিকিৎসালয়ত ‘নৱজাতকৰ আধাৰ পঞ্জীয়ন' কক্ষৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অতিৰিক্ত আয়ুক্ত আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে, তিনিচুকীয়া অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা নৱজাতকৰ প্ৰমাণ-পত্ৰ তাৎক্ষণিকভাৱে প্ৰদান কৰাৰ ব্যৱস্থা আজি শ্ৰম আৰু শ্রমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে শুভাৰম্ভ...