December 15, 2024 12:07 PM | Assam CM

printer

ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয়, যে ২০২৪- ২৫ বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬ লাখ ৪৩ হাজাৰ কোটি টকা হোৱাৰ দিশে গতি কৰিছে। ২০১৩-১৪ বৰ্ষত এই পৰিমাণ ১ লাখ ৭৭ হাজাৰ কোটি টকা আছিল বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।