December 11, 2025 7:48 PM | No-worming Day

printer

ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ ৰাজ্যিক পৰ্যায়ত শুভাৰম্ভ কৰা হয়। এবছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশুসকলক পেলুমুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে দুবাৰকৈ পালন কৰা হয়। সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্রকাশে মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ অংগনবাড়ী কেন্দ্ৰ আক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শৌচগাৰৰ ব্যৱহাৰ, পৰিস্কাৰকৈ হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়। ৰাজ্যৰ আন আন জিলাতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয় ৷
নগাঁও জিলাত আজিৰে পৰা ১৮ ডিচেম্বৰলৈ চলিবলগীয়া পেলু নিৰ্মূলকৰণ অভিযানৰ অধীনত ১ৰ পৰা ১৯ বছৰৰ ল’ৰা-ছোৱালীক পেলুনাশক দৰৱ সেৱন কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য সমিতিয়ে ঘৰলৈ গৈ পেলুনাশক বড়ি প্রদান কৰা স্বাস্থ্যকর্মীসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। আজি নগাঁও গ্রাম্য পুঁথিভঁৰাল প্ৰেক্ষাগৃহত জিলা পৰ্যায়ৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শ্রীভূমি জিলাতো আজি এই কাৰ্যসূচী লোৱা হয়। সপ্তাহজোৰা এই কাৰ্যসূচীৰ অধীনত শিশুসকলক পেলুমুক্ত কৰি তেওঁলোকৰ কৃমি আৰু পুষ্টিহীনতাব সমস্যা হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে। শোণিতপুৰতো আজি ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস পালন কৰা হয়। এই উপলক্ষে শিশু আৰু কিশোৰ-কিশোৰীসকলক চৰকাৰীভাৱে বিনামূলীয়াকৈ পেলুনাশক টেবলেট প্রদান কৰা হয়। একেদৰে দৰং জিলাতো সপ্তাহজোৰা ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ অভিযানৰ আজি শুভাৰম্ভ কৰা হয়।
পশ্চিম কাৰ্বি আংলং জিলাত ডংকামকাম খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰত আজি পেলু নির্মূলকৰণ কাৰ্যসূচী
ৰূপায়ণ কৰা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।