কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ এখন বিশেষ পর্যালোচনা বৈঠক ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত হয়। এই বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাই ভিডিঅ’ কনফাৰেন্সযোগে যোৰহাটৰ পৰা অংশগ্ৰহণ কৰে। বৈঠকত সমাগত সংসদৰ অধিবেশনত উত্থাপন হবলগীয়া কেন্দ্রীয় বাজেটত সন্নিবিষ্ট কৰিব পৰাকৈ দেশৰ কৃষিখণ্ডৰ বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই এই বৈঠকত ৰাজ্যখনৰ কৃষি, উদ্যানশস্যৰ প্ৰধান সমস্যাৰ বিষয়টো অৱগত কৰে। বিশেষকৈ হাতী, বান্দৰৰ উপদ্ৰবৰ বিষয়টো তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে। এই সমস্যাৰ সন্মুখীন হৈ অহা ৰাজ্যখনৰ কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে সকাহ প্ৰদানৰ ব্যৱস্থা আৰু কীটনাশক পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ তেওঁ অনুৰোধ জনায়।
Site Admin | January 4, 2025 7:39 PM | Atul Bora Meet
ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীৰ বিশেষ পর্যালোচনা বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ