June 4, 2025 8:14 PM

views 25

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত বৈঠক

সাম্প্ৰতিক বানত ৰাজ্যৰ কৃষি ভূমিসমূহৰ হোৱা ক্ষতি সন্দৰ্ভত পৰ্যালোচনা আৰু ইয়াৰ জোৰা মৰাৰ বাবে ব্যৱস্থা গ্রহণ সন্দৰ্ভত আলোচনা কৰিবলৈ আজি কৃষিমন্ত্ৰী অতুল বৰাই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পর্যাপ্ত সংখ্যক সমূহীয়া পুলি বাগান স্থাপন কৰি বানপীড়িত কৃষকসকলক বিনামূলীয়াকৈ কঠিয়া বিতৰণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। শ্ৰীবৰাই লগতে সময়োপযোগী আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্রস্তসকলক সকাহ দিয়াৰ পৰামৰ্শ দিয়ে। তেওঁ কয়, যে কৃষকসকলৰ সুবিধার্থ...

January 4, 2025 7:39 PM

views 22

ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীৰ বিশেষ পর্যালোচনা বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ এখন বিশেষ পর্যালোচনা বৈঠক ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হয়। এই বৈঠকত কৃষি মন্ত্ৰী অতুল বৰাই ভিডিঅ' কনফাৰেন্সযোগে যোৰহাটৰ পৰা অংশগ্ৰহণ কৰে। বৈঠকত সমাগত সংসদৰ অধিবেশনত উত্থাপন হবলগীয়া কেন্দ্রীয় বাজেটত সন্নিবিষ্ট কৰিব পৰাকৈ দেশৰ কৃষিখণ্ডৰ বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই এই বৈঠকত ৰাজ্যখনৰ কৃষি, উদ্যানশস্যৰ প্ৰধান সমস্যাৰ বিষয়টো অৱগত কৰে। বিশেষকৈ হাতী, বান্দৰৰ উপদ্ৰবৰ বিষয়টো তেওঁ কেন্...