ৰাজ্যত ৮ খন নতুন সমজিলা সংযোজনৰ আজি আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। কামৰূপ, গোৱালপাৰা, কাছাৰ, শোণিতপুৰ, যোৰহাট আৰু তিনিচুকীয়াত সমজিলা সংযোজন কার্যসূচীত কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্রহণ কৰে। কামৰূপ জিলাত আজি দুখন সমজিলা গঠন কৰা হয়। বকোৰ ডাকুৱাপাৰাত আয়োজিত বকো-ছয়গাঁও সমজিলা কার্যালয় উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ লয়। সমজিলাসমূহত মহকুমাৰ তুলনাত অধিক কাম-কাজ কৰিব পৰা হ’ব বুলি তেওঁ ভাষণ প্ৰসংগত প্ৰকাশ কৰে। পলাশবাৰী সমজিলা গঠন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গোৱালপাৰা জিলাৰ দুধনৈ সমজিলাৰ কাৰ্যালয় উদ্বোধন কৰে। এই সমজিলাৰ আয়ুক্তৰ স্থায়ী কার্যালয় নিৰ্মাণৰ বাবে চৰকাৰে ২০ কোটি টকা ধাৰ্য কৰিছে।
মন্ত্ৰী কৃষ্ণেন্দু পালে কাছাৰ জিলাৰ ধলাই সমজিলা কার্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সমজিলা কাৰ্যালয়ৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি তেওঁ ধলাইবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰে । স্বাস্থ্য মন্ত্রী অশোক সিংহলে শোণিতপুৰ জিলাৰ ঠেলামাৰাত আজি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত উদ্বোধন কৰে। কৃষি মন্ত্ৰী অতুল বৰাই যোৰহাট জিলাৰ টীয়ক সমজিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। কাইলৈ শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। তিনিচুকীয়াৰ মাকুমত হ’বলগীয়া মাকুম সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ লগে লগে ৰাজ্যত মুঠ সমজিলাৰ সংখ্যা ৪৯ লৈ বৃদ্ধি পাব। বিগত বৰ্ষৰ অক্টোবৰত প্ৰথম পৰ্যায়ত ৩৯ খন সমজিলা সংযোজন কৰা হৈছিল। প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ হিচাপে গঠন কৰা সমজিলাসমূহে ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণ প্রশাসনিক ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান ব্যৱস্থা নিশ্চিত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিৰ সফল ৰূপায়ণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জনসাধাৰণক প্ৰয়োজনীয় সুবিধা লাভ কৰাত সহায় কৰিব।
Site Admin | August 12, 2025 8:15 PM | Sama Jila
ৰাজ্যত ৮খন নতুন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ
