August 12, 2025 8:15 PM

views 15

ৰাজ্যত ৮খন নতুন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ

ৰাজ্যত ৮ খন নতুন সমজিলা সংযোজনৰ আজি আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। কামৰূপ, গোৱালপাৰা, কাছাৰ, শোণিতপুৰ, যোৰহাট আৰু তিনিচুকীয়াত সমজিলা সংযোজন কার্যসূচীত কেইবাগৰাকী মন্ত্ৰীয়ে অংশগ্রহণ কৰে। কামৰূপ জিলাত আজি দুখন সমজিলা গঠন কৰা হয়। বকোৰ ডাকুৱাপাৰাত আয়োজিত বকো-ছয়গাঁও সমজিলা কার্যালয় উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ লয়। সমজিলাসমূহত মহকুমাৰ তুলনাত অধিক কাম-কাজ কৰিব পৰা হ'ব বুলি তেওঁ ভাষণ প্ৰসংগত প্ৰকাশ কৰে। পলাশবাৰী সমজিলা গঠন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ম...