ৰাজ্যত সদ্য নিযুক্তিপ্রাপ্ত প্রার্থীসকলক কোনো কাৰণতে দুর্নীতিৰ আশ্রয় নলবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত কালি অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা-এ.ডি.আৰ.ইত উত্তীর্ণ তৃতীয় বর্গৰ ৬৩৪৭ গৰাকী প্রার্থীৰ মাজত নিযুক্তি পত্র বিতৰণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই আহ্বান জনায়। ড° শর্মাই কয়, যে ৰাজ্য চৰকাৰে সম্পূর্ণ স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে নিযুক্তি সম্পন্ন কৰিছে। নিযুক্তি লাভ কৰা প্রার্থীসকলক তেওঁলোকৰ কর্ম জীৱনত এই নিষ্ঠা আৰু স্বচ্ছতা বৰ্তাই ৰাখিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়। তেওঁ লগতে ফেব্ৰুৱাৰীৰ পৰা চাকৰিৰ বদলিৰ বাবে স্বাগত সতীর্থ পোর্টেল মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে।
মুখ্যমন্ত্রীয়ে ১০ ফেব্রুৱাৰীৰ আগতে সকলো নিযুক্তি সম্পন্ন হ’ব বুলিও কালি ঘোষণা কৰে। তেওঁ কয়, যে দেশৰ কেইবাখনো ৰাজ্যই এই ধৰণৰ নিযুক্তি প্রক্রিয়া অনুসৰণ কৰিছে। ৰাজ্যত নতুনকৈ নিযুক্তি লাভ কৰা প্রার্থীৰ সংখ্যাই ১ লাখ ৫৬ হাজাৰ অতিক্রম কৰা বুলি তেওঁ মন্তব্য কৰে।
কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীর্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্র বিতৰণ কৰা হ’ব।