ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া আলোক কুমাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত ৬০ হাজাৰৰো অধিক বি এল অ’ৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্রস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা ২ কোটি ৫২ লাখ এহেজাৰ ৬২৪। সেই অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতকৈ ১.৩৫ শতাংশ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকা মতে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ৭২৫৮৩ আৰু মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ২৮৬৬২। তৃতীয় লিংগৰ ভোটাৰ ৩৭৯ গৰাকী। দিব্যাংগ ভোটাৰৰ সংখ্যা ২ লাখ ২৪৩৩। এইবাৰ ১৮৩০টা ভোটকেন্দ্ৰ বৃদ্ধিৰে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩১৪৮৬টালৈ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকাত ৭ লাখ ৮৬,৮৪১ গৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে ৪ লাখ ৪৭ হাজাৰ ১৯৬ গৰাকী ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ভোটাৰৰ তালিকাত একাধিকবাৰ নাম থকা ৫৩৬১৯ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। একেখন সংবাদমেলতে মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে কোৱা অনুসৰি কৰ্মসূত্রে বাহিৰত থকা ভোটাৰসকলে ৬ নম্বৰ প্ৰ-পত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ২২ জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। একেদৰে ৮ নম্বৰ প্ৰ-পত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভুল থাকিলে সংশোধন কৰিব পাৰিব। ৩, ৪, ১০ বা ১১ জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰোৱা হ’ব। গাঁওসভাৰ দিনটো জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব। ১০ ফেব্ৰুৱাৰীত পূৰ্ণাংগ ভোটাৰ তালিকা প্রকাশ পাব বুলি একেখন সংবাদমেলতো মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে৷
Site Admin | December 30, 2025 6:43 PM | Election Commission of Assam
ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ ১.৩৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ