December 30, 2025 6:43 PM

views 47

ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ ১.৩৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া আলোক কুমাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত ৬০ হাজাৰৰো অধিক বি এল অ'ৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্রস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা ২ কোটি ৫২ লাখ এহেজাৰ ৬২৪। সেই অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতকৈ ১.৩৫ শতাংশ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকা মতে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ৭২৫৮৩ আৰু মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ২৫ লাখ ২৮৬৬২। তৃতীয় লিংগৰ ভোটাৰ ৩৭৯ গৰাকী। দিব্যাংগ ভোটাৰৰ সংখ্যা ২ লাখ ২৪৩৩...