ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত

● ৰাজ্যত ভুৱা চিকিৎসক প্ৰতিৰোধী অভিযান অব্যাহত আছে। কালিৰ দিনটোত এনে অভিযানৰ অধীনত মুঠ পাঁচজন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰক্ষীয়ে বাহানাৰ অমৰজ্যোতি নাথ আৰু জেইল ৰোডৰ অশোক কুমাৰ গগৈক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজন হোমিঅ’ চিকিৎসক যদিও মেডিচিন বিশেষজ্ঞ হিচাপে ৰোগীক চিকিৎসা কৰি আহিছে। আৰক্ষীয়ে ভুৱা চিকিৎসক দুজনক জেৰা কৰি আছে। একেদৰে নগাঁৱৰ চিকনিৰ পৰা পংকজ দাস নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। জুৰীয়া দগাঁৱতো কালি আৰক্ষীয়ে বিমল সূত্ৰধৰ নামৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। ধৃত চিকিৎসকজনে দগাঁৱৰ মাহমুদা মেডিকেল হলত চিকিৎসক বুলি পৰিচয় দি ভুৱা ডিগ্ৰীৰে দীৰ্ঘদিনে শিশুৰ চিকিৎসা চলাই আহিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে।

ভুৱা চিকিৎসক প্ৰতিৰোধী কোষৰ বিষয়া ডাঃ অভিজিৎ নেওগে ৰাজ্যত জানুৱাৰীৰ পৰা মুঠ ১০ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে বিগত ৫-৬ বছৰত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা ৪৬ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হোৱা বুলি জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।