ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা অব্যাহত

আসন্ন নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত শর্মাই আজি প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দৰং, ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে, ৪ এপ্ৰিলত দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলিপ শ‍ইকীয়াই মনোনয়ন দাখিল কৰিব। আজি কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালে তিনিচুকীয়া জিলা ভ্রমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইপিনে, কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীয়ে প্ৰচাৰ চলায়। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে বোকাখাট সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মেৰাপানী, জামুগুৰি আৰু গোলাঘাট আদিত প্ৰচাৰ চলায়। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আজি যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। ইপিনে, দৰং, ওদালগুৰি লোকসভা সমষ্টিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ব্যাপক প্ৰচাৰ চলাইছে। আজি দলৰ প্ৰাৰ্থী দুর্গাদাস বড়োৱে তামুলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। ইপিনে, বাক্সা জিলাৰ শালবাৰীত আজি ইউ পি পি এল দলৰ এটা যোগদান কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিপিএফ দলৰ শতাধিক কৰ্মীয়ে ইউ পি পি এলত যোগ দিয়ে। নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাওঁ জিলাৰ জাগীৰোডৰ বিভিন্ন প্ৰান্তত বিজেপি প্রার্থী সুৰেশ বৰাই আজি প্ৰচাৰ চলায় ৷ প্ৰাৰ্থীগৰাকীয়ে অঞ্চলটোৰ ধৰ্মতুল, দক্ষিণ ধৰমতুল, শিলচাং, নেলী, গোভা, দেওশাল আদিত কেবাখনো প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে।