ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্ৰুত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বিতাৰণৰ কাম পূৰ্বতকৈ দ্রুত হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি কেইবাটাও কাৰ্যসূচীৰে নলবাৰী জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে এতিয়াৰে পৰা বিদেশী ন্যায়াধীকৰণৰ আওতালৈ নিয়াৰ পৰিৱৰ্তে পোনপটীয়াকৈ জিলা আয়ুক্তসকলে নির্দেশ যোগে এই লোকসকলক বহিস্কাৰ কৰিব পাৰিব। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ শীৰ্ষক আইনৰ অধীনত এই কাম কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অৱশ্যে যিসকলৰ আদালতত গোচৰ চলি আছে তেওঁলোকৰ বিৰুদ্ধে ব্যাৱস্থা গ্ৰহণ কৰা নহয় বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ শৰ্মাই কিছুদিন পূৰ্বে ৰাজ্যখনত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে ন্যায়ালয়ত আপিল নকৰা ৩০ হাজাৰ লোক থকা বুলি প্ৰকাশ কৰিছিল। এনেদৰে আপিল নকৰা লোকসকলক বহিষ্কাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন জিলাৰ প্ৰশাসনক বিদেশী চিনাক্তকৰণৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক