July 13, 2025 8:27 PM | Bhanu Jayanti

printer

ৰাজ্যত নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক, আদিকবিৰূপে বিভূষিত ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন কৰা হয়। অসম গোর্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় শাখা সমিতিৰ সহযোগত আজি ৰৌমাৰী গোর্খা ভৱনত এই জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আদিকবিগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত কৰা হয়। এই অনুষ্ঠানতে সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা ছাত্র-ছাত্রীসকলক অভিনন্দন জনোৱা হয়। তদুপৰি শিশু আৰু কিশোৰ কিশোৰীসকলৰ মনোমোহা গীত-নৃত্য অনুষ্ঠানে সকলোকে আপ্লুত কৰে। একেদৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিজুলাগুৰিত আজি আদিকবিগৰাকীৰ জয়ন্তী উদযাপন কৰা হয়। অসম নেপালী সাহিত্য সভাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত, শান্তিপুৰ নিজুলাগুৰি শাখা সমিতি আৰু নিজুলাগুৰি গাওঁ উন্নয়ন সমিতিৰ সহযোগত এই জয়ন্তী উদ্যাপন কৰা হয়। এই উপলক্ষে বন্তি প্ৰজলন, কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, ভানুভক্ত ৰামায়নৰ আবৃত্তি, স্বৰচিত কবিতা আবৃত্তি প্রতিযোগিতা আদি অনুষ্ঠিত হয়। দিনৰ ভাগত আদিকবি ভানুভক্ত আৰু তেওঁৰ সাহিত্য অৱদান শীর্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং জিলাতো আজি কবিগৰাকীৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে বৈথালাংছ’ মাইচাম নেপালী বস্তিত অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ টাৰো মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।