July 13, 2025 8:27 PM

views 14

ৰাজ্যত নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক, আদিকবিৰূপে বিভূষিত ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন কৰা হয়। অসম গোর্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় শাখা সমিতিৰ সহযোগত আজি ৰৌমাৰী গোর্খা ভৱনত এই জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আদিকবিগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত কৰা হয়। এই অনুষ্ঠানতে সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা ছাত্র-ছাত্রীসকলক অভিনন্দন জনোৱা হয়। তদুপৰি শিশু আৰু কিশোৰ কিশোৰীসকলৰ মনোমোহা গীত-নৃত্য অনুষ্ঠানে সকলোকে আপ্লু...