ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগৰ ভয়াৱহ ৰূপ ধাৰণ

স্বাস্থ্য বিভাগৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০ গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু হৈছে।চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০ গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ২৩ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে।
দৰঙত সম্প্ৰতি ১১ জনকৈ লোক জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ খাৰুপেটিয়াত ৬ গৰাকী আৰু পাথৰিঘাট এলেকাত ৫ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। এইসকল আক্ৰান্তৰ ভিতৰত এজন বর্তমানে চিকিৎসাহীন হৈ থকাৰ বিপৰীতে বাকী ১০ জন সুস্থ হৈ উঠিছে। ক্ষেত্ৰীতো এই ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু ঘটিছে। উল্লেখযোগ্য যে, সোণাপুৰ মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ডিমৰীয়াত এই পর্যন্ত ৫ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।
ইপিনে, মেলেৰীয়া আৰু ডেংগী ৰোগৰ দ্ৰুত সংক্রমনেও ৰাজ্যজুৰি জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে। চিৰাং জিলাত মেলেৰীয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা ৮৭ লৈ বৃদ্ধি পাইছে। আনহাতে ৩ জন লোক জাপানীজ এনচেফেলাইটিছত আৰু আন ৩ জন ডেংগীত আক্ৰান্ত হৈছে। জিলাখনৰ ভূটান সীমান্তৰ শান্তিপুৰ, ৰুনীখাটা আৰু গৰুভাষা অঞ্চলত মেলেৰীয়া আক্ৰান্তৰ সংখ্যা অধিক হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে মেলেৰীয়া, ডেংগী আৰু জাপানীজ এনচেফেলাইটিছৰ দৰে বাহক জনিত ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। স্বাস্থ্য বিভাগে মহৰ প্ৰজনন ৰোধ কৰিবলৈ ঠায়ে ঠায়ে ফ’গিঙৰো ব্যৱস্থা কৰিছে। আনহাতে জনসাধাৰণকো মহৰ আক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ঘৰৰ চৌদিশে পানী জমা হ’বলৈ নিদিয়া, শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা, শৰীৰ ঢাক যোৱাকৈ কাপোৰ পৰিধান কৰা, মহ প্ৰতিৰোধী বৈদ্যুতিক মেট আৰু ধূপ-ধূনা-কইল ইত্যাদি ব্যৱহাৰ কৰিবলৈ বিভিন্ন নির্দেশনা জাৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।