ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যত উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাক আৰাধনা

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। ফটাশিল জি এম চি নিউ কলনীত ৬০ বি আৰ আম্বেডকাৰ আৰু তেলেগু এছ’চিয়েচন অসমে গণেশ চতুর্থী উপলক্ষে ৪১ ফুট উচ্চতাৰ গণেশৰ এটা বৃহৎ মৃন্ময় মূর্তি সাজি উলিয়াইছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰীশ্ৰীলংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে।
গোৱালপাৰা জিলা বিভিন্ন স্থানতো গণেশ পূজাৰ আয়োজন কৰা হৈছে। বনৰীয়া হাতীৰ পৰা ৰক্ষা পাবলৈ লক্ষীপুৰ অঞ্চলৰ মেধিপাৰা গাঁৱত ৰাজহুৱাভাৱে গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰ, বিলাসীপাৰা, গোলকগঞ্জ আদি স্থানত ধৰ্মীয় পৰম্পৰাৰে গণেশ চতুর্থী পালন কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।