August 27, 2025 12:30 PM

views 20

ৰাজ্যত উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাক আৰাধনা

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। ফটাশিল জি এম চি নিউ কলনীত ৬০ বি আৰ আম্বেডকাৰ আৰু তেলেগু এছ’চিয়েচন অসমে গণেশ চতুর্থী...