আজি পৱিত্ৰ ঈদ-উল-ফিটৰ। ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ- মালহেৰে ঈদ উদযাপন কৰিছে। সমূহীয়া নামাজৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হৈছে। তদুপৰি বাসগৃহসমূহো আটক ধুনীয়াকৈ সজাই তোলাৰ উপৰি অতিথিক আপ্যায়নৰ বাবে ঘৰে ঘৰে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ফাঁচিবজাৰ, গণেশগুৰি, হাতীগাওঁকে ধৰি বিভিন্ন অঞ্চলৰ বজাৰসমূহত ঈদ সামগ্ৰী ক্ৰয় কৰাৰ বাবে কালি জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত হয়। ক্ষন্তেক পাছতে বিশ্ব শান্তিৰ কামনাৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ ল’ব। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ আৰু হোজাই জিলাৰ বিভিন্ন অঞ্চলত ঈদ ঊল ফিটৰ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ঈদগাহসমূহৰ লগতে জুম্মা মছজিদসমূহ সজাই-পৰাই তোলা হৈছে। বৰাক উপত্যকাৰ জিলা কেইখনতো ঈদ-উল-ফিটৰ উপলক্ষে উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কাছাৰ আৰু শ্ৰীভূমি জিলাৰ জনসাধাৰণে ঈদ উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। শ্রীভূমি জিলাত ৯ বজাত ঈদৰ নামাজৰ আয়োজন কৰা হৈছে। তদুপৰি শিশুসকলৰ বাবে সাংস্কৃতিক অনুষ্ঠান, কিৰাট আৰু আবৃত্তি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কাছাৰ জিলাতো উৎসাহ-উদ্দীপনাৰে ঈদ-উল-ফিটৰ উদযাপন কৰিবলৈ লোৱা হৈছে। ধুবুৰী, গোৱালপাৰাকে ধৰি অন্যান্য জিলাসমূহতো ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ঈদ উদযাপন কৰা হৈছে। ধুবুৰীত ক্ষন্তেক পাছতে সমূহীয়া নামাজৰ বাবে সকলো সাজু হৈছে। এই উৎসৱ শান্তিপূর্ণভাৱে উদযাপনৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই ঈদ-উল-ফিটৰ উপলক্ষে অসমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে বিশ্বাস, কৃতজ্ঞতা আৰু আধ্যাত্মিক পৰিপূৰ্ণতাক প্রতিফলিত কৰা এই উৎসৱে জনসাধাৰণৰ মাজত আত্ম-অনুশাসন আৰু নিষ্ঠাৰ মনোভাৱ জাগ্ৰত কৰে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৱিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
Site Admin | March 31, 2025 12:03 PM | Assam Eid
ৰাজ্যত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিটৰ উদযাপন
