ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ

■ ৰাজ্যখনত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে কালি কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমলৈ আহিছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ বিভিন্ন স্থানত এই ৰোগৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মীন, পশুপালন, দুগ্ধ আৰু ভূপালৰ পশু ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দলটোৱে বিভিন্ন দিশ পৰ্যালোচনা কৰিব। দলটোৱে ধেমাজি, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত পৰিস্থিতিৰ বুজ লোৱাৰ সম্ভাৱনা আছে। প্রতিনিধিসকলে এই ৰোগৰ সংক্ৰমণৰ সকলো দিশ চালি-জাৰি চোৱাৰ পাছত ইয়াৰ নিয়ন্ত্ৰণৰ বাবে কৰ্ম পৰিকল্পনা যুগুত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক প্রতিবেদন দাখিল কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় ৩৬৩ টা স্থানত গাহৰিৰ দেহত এই ৰোগৰ সংক্ৰমণ হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ২০২০ চনৰ পৰা ৰাজ্যখনত ৪৫ হাজাৰৰো অধিক গাহৰি এই ৰোগৰ ফলত মৃত্যুমুখত পৰিছে আৰু ১২,৫০০ ৰো অধিক গাহৰি পালকৰ ক্ষতি হৈছে। অসমৰ উপৰি পঞ্জাৱ, হাৰিয়ানা, ওড়িশা আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যত এই ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যৰ পৰা গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। ৰাজ্যখনত চলিত বছৰত এই ৰোগত আক্ৰান্ত হৈ প্ৰায় ২,৫০০ টা গাহৰি মৃত্যুমুখত পৰিছে আৰু সুৰক্ষাজনিত ব্যৱস্থা হিচাপে প্ৰায় ৬ হাজাৰ গাহৰি নিধন কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।