ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যজুৰি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি পালন

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি ২২২ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা বার্তাত অদম্য সাহস, কর্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজাগৰাকীৰ কৰ্মস্পৃহা আৰু দূৰদৰ্শী নেতৃত্ব তথা চিন্তাধাৰাৰে জাতীয় জীৱনৰ কল্যাণ আৰু উন্নয়নৰ হকে কাম কৰি যাবলৈ ৰাজ্যৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত আয়োজিত এটা কাৰ্যসূচীত উপস্থিত থাকি মহান ৰজাগৰাকীৰ আদৰ্শৰে উদ্বুদ্ধ হৈ বৰ্তমান সময়ত সকলোৱে আগবাঢ়ি যাব লাগিব বলি মন্তব্য কৰে। তিনিচুকীয়া নগৰৰ তিনিকোণীয়াত মটক ৰাজবংশ উন্নয়ন সমিতি আৰু সদৌ অসম মটক সন্মিলনৰ উদ্যোগত আৰু মটক জনগোষ্ঠীয় সংগঠনসমূহৰ সহোগত আযোজন কৰা কাৰ্যসূচীত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰসিদ্ধ ৰজা মহাৰজা তথা বীৰ বীৰাংগনাৰ গুণানুকীৰ্তন কৰিলে নৱ প্ৰজন্ম উদ্বুদ্ধ হ’ব বুলি আশা প্রকাশ কৰে। তেওঁ ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ উন্নয়নৰ দ্বাৰাহে অসমৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত জনগোষ্ঠীসমূহে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগিব বুলি অৱগত কৰে। আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি স্বৰ্গদেউগৰাকীৰ ২২ ফুট দৈৰ্ঘ্যৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আজিৰ অনুষ্ঠানত মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোঁহাইকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।