ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 8, 2025 7:48 PM | Russia Vs Ukraine

printer

ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন ইউক্রেইনৰ সামৰিক বাহিনীৰ

ইউক্রেইনৰ সামৰিক বাহিনীয়ে ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন কৰে। ইউক্রেইনৰ সেনা বাহিনীৰ জেনেৰেল ষ্টাফে জনোৱা অনুসৰি বিমানঘাটিলৈ ইন্ধনৰ যোগান ধৰা এঞ্জেলছৰ এটা ৰাছিয়ান তেল ডিপোত ইউক্রেইন বাহিনীয়ে আক্ৰমণ কৰে। চাৰাতোফৰ গৱৰ্ণৰ ৰোমান বুছাৰ্গিনে কয়, যে ইউক্রেইনৰ এই আক্ৰমণৰ লক্ষ্য হৈছে ৰাচিয়াৰ বোমাৰু বিমান ঘাটি থকা চুবুৰীয়া চাৰাতোফ আৰু এঞ্জেলছ চহৰ। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি চাৰাতোফ অঞ্চলত এঘাৰখন ইউক্রেইনৰ ড্রোন ধ্বংস কৰা হয়। কুৰ্ছক, ৰষ্টফ, বেলগথ, ক্ৰাছদয়, ভলগো গ্ৰেড আৰু আজভসাগৰৰ ওপৰত মুঠ ২১ খন ইউক্রেইনৰ ড্রোন ধবংস কৰা বুলিও মন্ত্ৰালয়ে দাবী জনায়। ইফালে ইউক্রেইনৰ সেনা বাহিনীয়ে আজি কয়, যে মধ্য ইউক্রেইনক লক্ষ্য কৰি নিশাটোৰ ভিতৰতে ৰাছিয়াই ৬৪ খন ড্রোনেৰে আক্ৰমণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।