September 5, 2025 9:12 PM

views 61

ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ’বঃ ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ'ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে এদিন পূর্বে ইউক্রেইনক ২৬খন দেশে সুৰক্ষা নিশ্চয়তা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে ভ্লাডিমিৰ পুটিনে ভ্লাডিভষ্টকত অনুষ্ঠিত এখন অর্থনৈতিক মঞ্চত আজি এই কথা ঘোষণা কৰে। তেওঁ লগতে এই কথাও কয় যে নাটোৱে কীভক সদস্য হিচাপে গ্ৰহণ কৰাৰ লগতে ইউক্রেইনত সেনা নিয়োগ কৰাৰ বাবেই ৰাছিয়াই ইউক্রেইন আক্ৰমণ কৰিছিল।

June 11, 2025 8:40 PM

views 36

মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিবঃ ভ্লাদিমীৰ মেদিনস্কী

ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সহযোগী ভ্লাদিমীৰ মেদিনস্কীয়ে কৈছে যে, মস্কোৱে শান্তি বিচাৰে কিন্তু ইউক্রেইনে পশ্চিমীয়া দেশৰ কথা নুশুনি শান্তি স্থাপনৰ ক্ষেত্ৰত ভূমিকা লব লাগিব। মেদিনস্কীয়ে ইয়াৰ পূৰ্বে অৱগত কৰিছিল যে বহিঃশক্তিৰ প্ৰৰোচনাত নপৰি যদি ইউক্রেইনে দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে তেতিয়া ৰাছিয়া আৰু ইউক্রেইনৰ মাজত পাৰস্পৰিক বুজাবুজি সম্ভৱ হ'ব পাৰে। তেওঁ লগতে কয় যে, ইউক্রেইনে বহিঃশক্তিৰ প্ৰভাৱত অস্থিৰ পৰিস্থিতি অব্যাহত ৰাখে তেতিয়া ৰাছিয়াইও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। ইতিমধ্যে আম...

May 21, 2025 9:14 PM

views 39

উক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত

ইউক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত হোৱা বুলি ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে বৃহৎ বাধা হিচাপে থিয় দিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰত ইস্কাণ্ডাৰে ক্ষেপনাস্ত্ৰ আক্ৰমণ কৰা বুলি এটা ভিডিঅ'ত প্ৰকাশ কৰিছিল য'ত প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে। উল্লেখযোগ্য যে চুমি অঞ্চলত বাৰে বাৰে বোমাবর্ষণ কৰা হৈছে আৰ ইউক্রেইনে চুমি সীমান্ত অঞ্চলৰ পৰা ৰাচিয়াৰ চুবুৰীয়া ক...

March 8, 2025 8:02 PM

views 32

ইউক্রেইনৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত

যোৱা নিশা ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলোৱা আক্রমণত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে। ইউক্রেইনৰ গৃহবিভাগৰ সূত্ৰই জনোৱা মতে ৰাছিয়াৰ সেনাবাহিনীয়ে বেলিস্টিক মিছাইল, একাধিক ৰকেট আৰু ড্ৰ'নেৰে আক্ৰমণ কৰাৰ ফলত আঠটা বহুমহলীয়া অট্টালিকা আৰু ৩০খন বাহনৰ ক্ষতিসাধন হয়। সূত্ৰটোৱে আৰু জনোৱামতে এই আক্রমনত ডনেটস্ক অঞ্চলতো আঠটা আৱাসিক ভৱন আৰু এটা প্রশাসনিক ভৱন ক্ষতিগ্রস্ত হৈছে। উল্লেখযোগ্য যে কালি ৰাছিয়াই কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত ইউক্রেইনৰ গেছ আৰু শক্তিখণ্ডৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হয়। ই...

January 8, 2025 7:48 PM

views 38

ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন ইউক্রেইনৰ সামৰিক বাহিনীৰ

ইউক্রেইনৰ সামৰিক বাহিনীয়ে ৰাচিয়াৰ চাৰাতোফ অঞ্চলত গণড্রোন আক্রমণ চলাই এটা শিল্প উদ্যোগৰ ক্ষতিসাধন কৰে। ইউক্রেইনৰ সেনা বাহিনীৰ জেনেৰেল ষ্টাফে জনোৱা অনুসৰি বিমানঘাটিলৈ ইন্ধনৰ যোগান ধৰা এঞ্জেলছৰ এটা ৰাছিয়ান তেল ডিপোত ইউক্রেইন বাহিনীয়ে আক্ৰমণ কৰে। চাৰাতোফৰ গৱৰ্ণৰ ৰোমান বুছাৰ্গিনে কয়, যে ইউক্রেইনৰ এই আক্ৰমণৰ লক্ষ্য হৈছে ৰাচিয়াৰ বোমাৰু বিমান ঘাটি থকা চুবুৰীয়া চাৰাতোফ আৰু এঞ্জেলছ চহৰ। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি চাৰাতোফ অঞ্চলত এঘাৰখন ইউক্রেইনৰ ড্রোন ধ্বংস কৰা হয়। কুৰ্ছক, ৰষ...