ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত ভাৰতৰ

■ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই ৩৫০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৯ অভাৰ দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩৩২ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মেথিউ ব্ৰীটজকেই সর্বাধিক ৭২ ৰান কৰাৰ লগতে মার্কো জেনচনে ৭০ আৰু কৰ্বিন বচে ৬৭ ৰান কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট লাভ কৰাৰ লগতে হৰ্ষিত ৰাণাই ৩টা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বিৰাট কোহলীৰ ১৩৫ ৰানৰ সহায়ত নিৰ্ধাৰিত ৫০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৩৪৯ ৰাণ সংগ্ৰহ কৰে। কোহলীয়ে এই শতকৰ সুবাদত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ৫২ সংখ্যক শতক অৰ্জন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ একক ফর্মেটত সর্বাধিক শতক অর্জন কৰাৰ নতুন বিশ্ব অভিলেখ গঢ়ে। অধিনায়ক কে এল ৰাহুলে ৬০ আৰু ৰোহিত শৰ্মাই ৫৭ ৰাণৰ বৰঙণি আগবঢ়ায়। বিৰাট কোহলীক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদত ভাৰত বৰ্তমান তিনিখনীয়া এদিনীয়া শৃংখলাত ১-০ৰ ব্যৱধানত আগবাঢ়ি আছে।