April 14, 2025 10:52 AM | Garu Bihu

printer

ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিনসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই-ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে বিহুৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বৈশাখী, পহিলা বৈশাখ, মেষাদি, পুতান্দু পিবাপুকে ধৰি নৱবৰ্ষৰ উদসৱসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভক্ষণত ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহুৱে সংস্কৃতি আৰু পৰিৱেশৰ মাজৰ চিৰ বিৰাজমান আন্তঃসম্পৰ্ক প্ৰতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰাকক্ষণত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষৰ স্ৰষ্টা ড০ নগেন শ‍ইকীয়াই অসমবাসী ৰাইজক আকাশবাণী যোগে এইদৰে শুভেচ্ছা জনাই মনৰ ভাব প্রকাশ কৰিছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো উলহ-মালহেৰে গৰু বিহু পালন কৰা হৈছে। এই উপলক্ষে পুৱাতে গৰুক নৈ-জান-জুৰিৰ পাবলৈ নি গা ধুওৱাৰ উপৰি লাউ-বেঙেনা খুৱাই মংগল কামনা কৰা হৈছে। তিনিচুকীয়া জিলাতো আজি গৰু বিহু উপলক্ষে পুৱাৰে পৰাই উৎসাহ-উদ্দীপনা দেখা গৈছে। কৃষিৰ বাবে অপৰিহায্য গো-ধনৰ শ্ৰীবৃদ্ধিৰ বাবে আজি জিলাখনৰ কৃষিজীৱি ৰাইজে পুৱাৰে পৰা গৰুক গা ধুৱাই বিহু পালন কৰিছে। শিৱসাগৰ জিলাতো আজি ৰাইজে গৰু বিহু উপলক্ষে কৃষ্টি-সংস্কৃতি ৰক্ষা কৰি ৰীতি-নীতিসমূহ পালন কৰাৰ লগতে উলহ-মালহেৰে বিহু উদযাপন কৰিছে।

লখিমপুৰ জিলাৰ জনসাধাৰণে আজি গৰু বিহু উলহ-মালহেৰে পালন কৰাৰ লগতে নৱবৰ্ষক আদৰাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰিছে। ঘৰে ঘৰে পিঠাপনা প্রস্তুত কৰাৰ উপৰি বজাৰতো খাদ্য-সামগ্ৰীৰ উভৈনদী হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্রান্ততো গৰু বিহু পালন কৰা হৈছে। জিলাখনৰ আগিয়া, শিমনিতোলা, ৰংজুলি, ধূপধৰা, কৃষ্ণাই আদি অঞ্চলত গৰু বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। বৰপেটাত আজিৰে পৰা সত্ৰ কেন্দ্ৰিক পৰম্পৰাৰে বিহু উদযাপন আৰম্ভ হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি গৰু বিহু পালন কৰা হৈছে। বৰপেটা সত্ৰত আজিৰে পৰা ৬ বহাগলৈ সত্ৰত নৈমিত্তিক প্ৰসংগ কৰা হ’ব। কাইলৈ অর্থাৎ পহিলা ব’হাগত সত্ৰৰ দৈবজ্ঞই বর্ষফল গণনা কৰিব। ৭ বহাগৰ দিনা সত্ৰৰ কৰাপাটৰ বাহিৰত অনুষ্ঠিত বৰপেটাৰ বিখ্যাত বীৰনামৰ জৰিয়তে দোমাহি উদযাপনৰ সামৰণি পৰিব। কামৰূপ জিলাৰ বকো, ছয়গাঁও, হাজো, কমলপুৰকে ধৰি বিভিন্ন অঞ্চলত আজি পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হৈছে। ঠায়ে ঠায়ে আজি মুকলি বিহুৰো আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্রখ্যাত বিহু হুঁচৰি দলে অংশগ্রহণ কৰিব। লগতে অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হব। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে।