April 14, 2025 10:52 AM

views 56

ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিনসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই-ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুর্মুৱে বিহুৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বৈশাখী, পহিলা বৈশাখ, মেষাদি, পুতান্দু পিবাপুকে ধৰি নৱবৰ্ষৰ উদসৱসমূহৰ বাবে শুভে...