ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি

● নির্বাচন আয়োগে ৭ খন ৰাজ্যৰ ৮ খন বিধানসভা আসনৰ উপ-নির্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই বিধানসভা সমষ্টিকেইটা হৈছে জম্মু আৰু কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আণ্টা, ঝাৰখণ্ডৰ ভাটছিলা, তেলেংগানাৰ জুবিলি হিল্‌ছ, পাঞ্জাবৰ তৰ্ণ তাৰান, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নোৱাপাড়া। জম্মু-কাশ্মীৰ আৰু ওড়িশাৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২০ অক্টোবৰ ধাৰ্য কৰা হৈছে। একেদৰে ঝাৰখণ্ড, মিজোৰাম, পঞ্জাব, তেলেংগানা আৰু ৰাজস্থানৰ আসনকেইখনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ অক্টোবৰ ধাৰ্য কৰা হৈছে। এই আসনকেইখনৰ বাবে ১১ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ১৪ নৱেম্বৰত ভোট গণনা কৰা হ’ব।