ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক প্রধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্রী মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱসত মেক্ৰ’ৰ উপস্থিতিৰ কথা মনত পেলাই তেওঁ, বিগত বৰ্ষৰ এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্রহণে দুয়োখন দেশৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা বুলি উল্লেখ কৰি তেওঁ কয়, যে পেৰিছত আয়োজিত কৃত্রিম বুদ্ধিমত্তা কাৰ্য শীৰ্ষ সন্মিলনত শ্ৰী মেক্ৰ’ক লগ পাবৰ বাবে তেওঁ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।আয়াৰলেণ্ডৰ প্ৰধানমন্ত্রী মিশ্বেল মার্টিনে দিয়া এটা বাৰ্তাৰ প্ৰত্যুত্তৰত শ্ৰী মোদীয়ে পাৰস্পৰিক আস্থা আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাসৰ আধাৰত দুয়োখন দেশৰ মাজত গঢ়ি উঠা সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ এই মৈত্ৰীৰ সম্পৰ্ক আহিবলগীয়া দিনবোৰত অধিক শক্তিশালী হৈ উঠিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে।