৬ দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ছদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড° জয়শংকৰে ভ্ৰমণৰ প্ৰথম দিনতে পেৰিছত চি ক্বী চে ট্রামে-ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনীলৈ যোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই প্রদর্শনীয়ে ভাৰতৰ বস্ত্ৰ ঐতিহ্য আৰু সৃজনীশীলতাক প্ৰতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সাংস্কৃতিক বান্ধোনৰ কথাও সোঁৱৰাই দিছে। উল্লেখযোগ্য যে এই ভ্ৰমণকালত ড° জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃস্থানীয় লোকসকলক দেখা কৰাৰ লগতে ফ্ৰান্সৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ্যাঁ নৱেল বেৰটৰ সৈতে বৈঠকত মিলিত হ’ব। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত – ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰিব। ড° জয়শংকৰে লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতসকলৰ সন্মিলনৰ ৩১ সংখ্যক সংস্কৰণত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত মন্ত্ৰীগৰাকী লাকজেমবাৰ্গলৈ যাব আৰু লাকজেমবাৰ্গৰ উপ প্রধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী জেভিয়াৰ বেটেলৰ সৈতে বৈঠকত মিলিত হ’ব। লাকজেমবার্গত থকা ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও ড° জয়শংকৰে কথোপকথন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।