ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ

বায়ুসেনাই আয়োজন কৰা ৬৪ সংখ্যক আন্তর্জাতিক স্কুল ফুটবল প্রতিযোগিতা শৃংখলা সুব্রত কাপৰ অন্তিমখন প্রতিযোগিতা আজিৰে পৰা নতুন দিল্লীত আৰম্ভ হৈছে। ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ এই অন্তিমলানি প্ৰতিযোগিতাত আজি অসমৰ গোলাঘাটৰ নুমলীগড় হাইস্কুলে গ্ৰুপৰ প্ৰথমখন খেলত আর্মী বয়জ স্কুলৰ সৈতে ২-২ গ’লত ড্র’ খেলি পইণ্ট ভগাই লয়। পিন্টু পার্ক ফুটবল ময়দানত অনুষ্ঠিত খেলখনত অসমৰ হৈ ২৭ মিনিটত পার্থ ডেকা বৰুৱাই প্ৰথমটো গ’ল কৰাৰ বিপৰীতে ৬৬ মিনিটত আকাশ লোহাৰে দ্বিতীয়টো গ’ল কৰি অসমক এক পইণ্ট দিয়াত সহায় কৰে। প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলত অসমে কাইলৈ আন্দামান নিকোবৰৰ মুখামুখি হ’ব। গ্ৰুপৰ আন দুখন খেলত ৰাজ্যক প্ৰতিনিধিত্ব কৰা নুমলীগড় হাইস্কুলৰ খেলুৱৈসকলে নৱোদয় বিদ্যালয়ৰ বিৰুদ্ধে ১৮ ছেপ্তেম্বৰত আৰু তেলেংগানাৰ বিৰুদ্ধে ১৯ ছেপ্তেম্বৰত খেলিব। ইতিমধ্যে ১৭ বছৰ অনুৰ্ধৰ ছোৱালী আৰু ১৫ বছৰ অনুৰ্ধৰ ল’ৰাৰ প্ৰতিযোগিতাসমূহ সমাপ্ত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত গুৱাহাটীৰ বেটকুছি হাইস্কুলত ছোৱালীৰ দলটোৱে ৰাজ্যৰ প্ৰথমটো দল হিচাপে ১৭ বছৰ অনুৰ্ধৰ খিতাপ জয় কৰিছে।