ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্রী

● অহা ৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথত আয়োজিত অনুষ্ঠানত প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ লগতে বি টি আৰ নিৰ্বাচনৰ বাবেও ৰাজ্যিক বিজেপিয়ে যাৱতীয় তৎপৰতা আৰম্ভ কৰিছে। এই অনুসৰি কালি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই পঞ্চায়ত নিৰ্বাচনৰ বাবে ৩১ খন জিলাত প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিয়োগ কৰিছে। ১৪ গৰাকী মন্ত্ৰীক জিলা প্ৰভাৰীৰ বিশেষ নির্বাচনী দায়িত্ব অর্পণ কৰা হৈছে। তদুপৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে মন্ত্রী পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন নির্বাচনী ব্যৱস্থাপনা সমিতি আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক আহ্বায়ক হিচাপে লৈ ইস্তাহাৰ সমিতি গঠন কৰিছে। একেদৰে বি টি আৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, কেইবাগৰাকী মন্ত্ৰী আৰু দলৰ অন্যান্য বিষয়ববীয়াক লৈ এখন কর্ণধাৰ সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে বি টি আৰ নিৰ্বাচনৰ সকলো দিশ তদাৰক কৰাৰ লগতে প্রয়োজনীয় পৰামৰ্শ দিব। কৰ্ণধাৰ সমিতিখনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকা, অশোক সিংহল, কৌশিক ৰায়কে ধৰি ভালেসংখ্যক সদস্য অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।