ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়।

তিনিচুকীয়া জিলাত ৪৮.১৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, ধেমাজিত ৬২.১ শতাংশ, লখিমপুৰত ৬৬.৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত ৫৮.৫৫ শতাংশ, হাইলাকান্দিত ৬০.১০ শতাংশ আৰু শ্ৰীভূমি জিলাত ৬০.১৫ শতাংশ ভোটদান সম্পন্ন হয়।
সামগ্রিকভাৱে ভোটদান প্রক্রিয়া শান্তিপূর্ণভাৱে সম্পন্ন হৈছে যদিও কোনো কোনো অঞ্চলত অৱশ্যে দুই-এটা বিক্ষিপ্ত হিংসাৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। কাছাৰ জিলাৰ কাৰ্টিগৰাত ফুলবাৰী-তাৰিনীপুৰ গাঁও পঞ্চায়তৰ দুই নম্বৰ ভোটগ্রহণ কেন্দ্ৰত দুষ্কৃতিকাৰীয়ে বুথ দখলৰ চেষ্টা চলায়। বুথ দখলৰ চেষ্টা চলোৱা লোকসকলক একাংশ লোকে বাধা দিবলৈ চেষ্টা কৰোতে মাৰপিটৰ ঘটনা সংঘটিত হয়। অৱশ্যে এই ঘটনাৰ খবৰ পাই কাটিগৰা আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত আঠাবাৰী গাঁও পঞ্চায়তৰ ৰাজমাই বাগান প্ৰাথমিক বিদ্যালয়তো বহু সংখ্যক ভোটদাতা ভোটদানৰ পৰা বিৰত থাকিবলগীয়া হয়। ইয়াৰ ফলত কেন্দ্ৰটোত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
ঢকুৱাখনা বিধানসভা সমষ্টিৰ একাংশ ভোটকেন্দ্ৰত ৰিগিঙৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে ভোটাৰ তালিকাত থকা ব্যাপক বিসংগতিৰ ফলত গোলাঘাট জিলাৰ খুমতাই বিধানসভা সমষ্টিৰ ৪০ নম্বৰ শেনচোৱা পঞ্চায়তৰ দুটা ৱাৰ্ডৰ শতাধিক ভোটদাতা ভোটদানৰ পৰা বঞ্চিত হ’বলগীয়া হয়। নিৰ্বাচনৰ কামত গাফিলতি কৰাৰ অভিযোগত হাইলাকান্দিৰ ভোটগ্রহণ কেন্দ্ৰৰ চাৰি গৰাকী বিষয়াক নিলম্বন কৰা হৈছে। আৰক্ষীৰ শীৰ্ষ বিষয়াই এই নিলম্বিত বিষয়াকেইজনৰ জেৰা অব্যাহত ৰাখিছে ।
ডিব্ৰুগড় জিলাৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলিবাৰী গাঁও পঞ্চায়তটো চাৰি শতাধিক লোক ভোটদানৰ পৰা বঞ্চিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই ১৪ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা ৮৯ লাখ ৬০ হাজাৰ ৫৭৭। এই জিলাকেইখনত ২১৬ টা জিলা পৰিষদ, ১,১৩৯ টা আঞ্চলিক পঞ্চায়ত আৰু ১১ হাজাৰ ৩৯০ টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে।
অহা ৭ মে’ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। দুয়োটা পৰ্যায়ৰে ভোটগণনা অহা ১১ মে’ত সম্পন্ন হ’ব।