৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নির্মাতাই অংশ ল’ব।
কালি এই মহোৎসৱত দুখন অসমীয়া চলচ্চিত্র ভাইমন দা আৰু পত্ৰলেখাৰ পুনৰ প্ৰদৰ্শন কৰা হয়। লগতে কাঁন চলচ্চিত্ৰ মহোৎসৱত পামদিঅ’ৰ বঁটা লাভ কৰা জাফৰ পানাহী পৰিচালিত ইৰানৰ ছবি ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট ছবিখন কালি সন্ধিয়া পুনৰ প্ৰদৰ্শন কৰা হয়। এইবাৰৰ মহোৎসৱত ৮৪ খন দেশৰ ২৭০ খনৰো অধিক চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱৰ কেন্দ্ৰীয় ৰাষ্ট্র জাপানৰ ৭ খন ছবি আৰু সহযোগী ৰাষ্ট্র স্পেইনৰ ৪খন ছবি এইবাৰ প্ৰদৰ্শন কৰা হৈছে।৮দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ কাইলৈ সামৰণি পৰিব।